এয়ে মোৰ শেষ গান (Aiye Mor Xes Gaan) Lyrics
এয়ে মোৰ শেষ গান মোৰ জীৱন-নাটৰ শেষ ৰাগিনী কল্যাণ খৰমান । পাতনিতে বালোঁ ধেমালী নান্দী ভঙ্গী সূত্ৰধাৰ হাঁহি বিননিয়ে ভাও দিলোঁ নানা বোৱালোঁ অশ্রুধাৰ নৱ নৱ ৰসে বালোঁ ভাৱ নাৱ আশাৰ নিৰাশাৰ আজি হব মোৰ জীৱন নাটৰ ভাওনাৰ অৱসান ।। নীল আকাশত পুৱঁতী তৰাই ঢিমিকি টিমিকি জ্বলে সিও যাব নুমি একে নিশাহতে বেলিৰ পোহৰ পালে। […]
আজি মন্দিৰ-দুৱাৰ খোলা (Aji Mandiror Duar Khola) Lyrics
আজি মন্দিৰ-দুৱাৰ খোলা ! বহে মিলন-উৎসৱ মেলা। শুনো মঙ্গল আৰতি গান নাচি উঠে ভকতৰে প্ৰাণ ৷ হ’ল যে পূজাৰে বেলা । মন্দিৰ দুৱাৰ খোলা। স্বাগত নবাগত অতিথি হিয়াত ফুলাম আসন থৈছো পাতি । পুষ্পিত মন্দিৰ কানন বীথি ফুলনিৰ তলসৰা তুলি ফুল মনোহৰা গাঁথিলো উলাহে মালা ৷ হ’ল যে পূজাৰ বেলা । মন্দিৰ-দুৱাৰ খোলা।
পৰজনমৰ শুভলগনত (Parajonomar Subhalaganat) Lyrics
পৰজনমৰ শুভলগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্রিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা ? এই জনমৰ কুসুম মালা । যতনে তুমি গাঁঠি ৰাখিলা কাহানিও তুমি নিপিন্ধিলা শূণ্য মোৰ বুকু হ’ল যে উকা। এই জীৱনৰ আঁউসী ৰাতি চকুলো টুকি যায় যে কাটি কাহানিও সুখৰ ৰূপহী জোনাই হৃদয়ৰ জিলিকনি নিবিলায়। এই জনমৰ গোপন কথা গুপুতে থাকি […]
সুৰৰে দেউলৰে (Surore Deulore) Lyrics
(1) “সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি খুলি দূৱাৰ সোণোৱালী, পূজাৰী অ’ সুন্দৰ পূজাৰী। ” (2) “জাউতী যুগীয়া বৰগীত অমিয়া বনগীত সুৰীয়া গোৱা অসমীয়া প্ৰাণ মন ভৰি ! পূজাৰী অ’ সুন্দৰ পূজাৰী। ” (3) “তোৰে পৰশতে প্ৰাণৰে হৰিষে তিয়াগি সুপুতি পায় ঐ মুকুতি ৰাগৰে মূৰতি উঠি ভাহি ফুৰে উৰি পূজাৰী অ’ সুন্দৰ পূজাৰী। ” (8) […]
সোণৰে সপোন ভাঙি (Sonare Sapon Bhangi) Lyrics
সোণৰে সপোন ভাগি পুৱতি নিশা, সোণালী ঊষা তন্দ্রালস আসি মেলি উঠে জাগি, উঠে জাগি।। আউল জাউল খোপাটি খুলি আবেশ আকুল দেহাটি তুলি ঘুমটি হাৰা নয়নতা অলপ খুলি অলপ মেলি উঠে জাগ, উঠে জাগি।
ভাং ভাং ভাং – লোহাৰ শিকলি চিং (Bhang Bhang Bhnag Bhnag Lohar Sikoli Bhang) Lyrics
ভাং ভাং ভাং ভাং লোহাৰ শিকলি চিং চিং চিং চিং চিং দাসৰ বন্ধন চিং খোল্ খোল্ খোল্ খোল্ কাৰাৰ ফাটক খোল্ । ভাঙ্ ভাঙ শুন্ সৌৱা শুন্ শুন্ দুৱাৰৰ দাং ঘেৰিছে ৰণ বিষাণ মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান ৰক্তেৰে ৰঞ্জিত সুৰুয উদীয়মান শুন মুকুতিৰ তুৰৰ আহ্বান, হালোৱা – হজুৱা হেৰ মজুদুৰ – কিষাণ ! […]
বিশ্বৰ ছন্দে ছন্দে (Biswar Sande Sande) Lyrics
বিশ্বৰ ছন্দে ছন্দে মহানন্দে বন্দে বন্দে আনন্দে নাচা নাচা তমোহৰ-দেউ ! আজি তব নাচা !! ভকত-বৃন্দে তৰ চৰণ-কমল জ্বলোৱা সাগ্নিক বন্দে। তপো-হোম-বহ্নি বিনাশক এন্ধাৰ তব জয়ী অগ্নি বিশ্বৰে দেউলত জ্ঞানৰে বন্তি আলোকৰে শিখা উঠক নাচি অজ্ঞান এন্ধাৰ বিনাশি পুলকানন্দে।……. নাচোনৰ তালে তালে পুষ্পিত বননি ছেৱে ছেৱে হালে জালে বিকশিত ফুলনি আমোল-মোল কৰে শুৱনি ধৰণী পুষ্পিত […]
মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম (Mor jibonor Akshote Indradhanu) Lyrics
মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম। সাত ৰঙেৰে মীনা কৰাই মৰমেৰে তৰিম। কিন্কিনীয়া চকুৰলোৰে হুমুনিয়াহ ভাপকণেৰে ৷ প্ৰণয় সূৰুয দেৱতাৰে জিলিকনি সানিম। মেদুৰ মেঘৰ মাদল কোৱাই গগণ গগণা আলফুলে বাই। বিজুলী নটীৰ নাচোনটি চাই ডেও দি ডেও দি নাচিম।।
নাহৰ ফুলে নুশুৱায় (Nahar Phule Nuxuwai) Lyrics
নাহৰ ফুলে নুশুৱায় তগৰ ফুলে শুৱাব । তগৰ ফুলে নুশুৱায় কপউ ফুলে শুৱাব । কপউ ফুলে নুশুৱায় (যদি) ঘিলা খোপাতে তোৰ, হিয়া ফুল পাৰি দিম (গুঁজি) খোপাতে মনোহৰ । মহাসাগৰ সিঁচি আনিম সাত-মাণিকৰ ধন মেঘৰ বুকু ফালি ছিঙিম বিজুলী ফুল শুৱন ; মাণিক ফুলে নুশুৱায় (হিয়া) উলিয়াই পিন্ধাম (যদি) সাতসৰীতে তোৰ তেজাল পোৱাল মণি মোৰ।
ব’ল্ ব’ল্ বল্ কৃষক শক্তি দল (Bol Bol Bol Krishak Sakti Dol) Lyrics
ব’ল্ ব’ল্ বল্ কৃষক শক্তি দল । অ’ বনুৱা সমনীয়া আগবাঢ়ি যাওঁ ব’ল। জাগ্ জাগ্ জাগ্ জাগ্ মজদুৰ ন জোৱান । নির্যাতিত নিপীড়িত কৃষক শক্তি কৃষক শক্তিমান । তোৰ বাহুতে আছে লুকাই অসীম শক্তি বল । ৰণৰ শিঙা বাজে শুন ঐ আগবাঢ়ি যাওঁ ব’ল। কিহৰনো ভয় আছে অভয় বাণী দেৱতাৰ শতৰু সউ চৌপাশে ৰয় ধনী […]