মই এটি যাযাবৰ (Moi Eti Jajabor) Lyrics

মই এটি যাযাবৰ ধৰাৰ দিহিঙে দিপাঙে লৱৰো নিবিচাৰি নিজা ঘৰ । মই লুইতৰ পৰা মিছিচিপি হৈ ভল্‌গাৰ ৰূপ চালে৷ অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিচ সাৱটি ললোঁ মই ইলোৰাৰ পৰা পুৰণি ৰহণ চিকাগোলে কঢ়িয়ালো গালিবৰ শ্বেৰ দুশ্বম্বেৰ মীনাৰত শুনা পালো মার্ক টোৱেনৰ সমাধিত বহি গৰ্কীৰ কথা কলো বাৰে বাৰে দেখোঁ বাটৰ মানুহো আপোন হৈছে বৰ সেয়ে […]

শীতৰে সেমেকা ৰাতি (Sitore Semeka Rati) Lyrics

শীতৰে সেমেকা ৰাতি সেমেকা শীতৰে ৰাতি বস্ত্রবিহীন কোনো খেতিয়কৰ ভাগি পৰা পঁজাটিৰ তুঁহ জুই একুৰাৰ উমি উমি জ্বলি থকা ৰক্তিম যেন এটি উত্তাপ হওঁ । শীতৰে সেমেকা ৰাতি খাদ্যবিহীন কোনো দীন মজুৰৰ প্রাণতে লুকাই থকা ক্ষুধা অগনিৰ হঠাতে ভমকি উঠা প্রচণ্ড যেন এটি প্রতাপ হওঁ প্রতাপ হওঁ মই প্রতাপ হওঁ । শীতৰে সেমেকা ৰাতি সংখ্যালঘু […]

সাগৰ সঙ্গমত (Sagar Sangamat) Lyrics

সাগৰ সঙ্গমত কতনা সাঁতুৰিলে। তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্রশান্ত সাগৰৰ উৰ্ম্মিমালা অশান্ত । মনৰ প্ৰশান্ত সাগৰৰ বক্ষত জোৱাৰৰ নাই আজি অন্ত অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশা অফুৰন্ত সেয়েহে মনৰ মোৰ প্রশান্ত সাগৰৰ উৰ্ম্মিমালা অশান্ত । প্ৰশান্ত পাৰৰে মহা মহা জীৱনৰ শান্তি আজি আক্রান্ত নৱ নৱ সৃষ্টিৰে দৈত্য দানৱে কৰে […]

মানুহে মানুহৰ বাবে (Manuhe Manuhor Babe) Lyrics

মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা ?  সমনীয়া ? মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানে৷ নহ’ব কোৱাঁ, সমনীয়া ? দুৰ্ব্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱাবানো কি ? মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ ৷ যদি […]

সুৰাত মগন ভয়াল ৰাতি (Surat Magan Bhoyal Rati) Lyrics

সুৰাত মগন ভয়াল ৰাতি মৌন কোলাহল মই যেন এক ৰ’দৰ বিলাপ কী শব্দৰ শতদল ! চন্দ্ৰ তৰাক থাপ মাৰি আনি থেকেচি পেলাবৰ হ’ল সূর্যমুখীয়ে সজাব কাহানি বেথাৰ সমাধি তল । নিয়ম পিয়াসী সন্তানবোৰে নিয়ম নমনা হ’ল মাতৃৰ চকু ঘন কুঁৱলীৰে গহ্বৰ হৈ গ’ল । শগুণে সদায় সভাকে পাতে ভাষণ পৰি ৰ’ল দিনবোৰ আমাৰ মৃত হৰিণৰ […]

জিক মিক দেৱালীৰ বন্তি জ্বলে (Jikmik Dewalir Bonti Jole) Lyrics

জিক মিক দেৱালীৰ বন্তি জ্বলে এন্ধাৰত কান্দে কোনে অকলে অকলে ওচৰা-উচৰি দুটি ঘৰ এটি পূঁজা আনটো ৰজা ঘৰ ৰজাঘৰে হাঁহে, মাথোন পঁজাটিত বস্তি নজ্বলে । পঁজাটিত এটি আছে মাটিৰে চাকি শলিতাও জ্বলি গ’ল নাই আৰু বাকী বস্তি আজি যে নজ্বলে । বৰ বৰ আলাসৰ লাৰুৱে হাঁহে পঁজাটিত পোনাটিৰ টোপনি নাহে দুখুনীয়ে নিচুকনি গায় লাহে লাহে […]

এই ধুনীয়া গধূলী লগন (Ei Dhuniya Godhuli Lagan) Lyrics

এই ধুনীয়া গধূলী লগন জানকী, কি ? কিয় এই সংযমহীন আচৰণ ? কিয় ? এই ধুনীয়া গধূলি লগন সংযমহীন আচৰণ সমাজৰ আঁৰতে নিয়ম ভাঙি কিয় দুয়ো দুয়োতে মগন ? কিয় বাৰু ? প্ৰেমনো কি ? প্রেম যেন বহুতৰ কটাৰীৰ খেল শানিত কটাৰী চলে শন্ শন্ শৱদে বুকু ভেদিলে, বাধা দিব কোন কৌশলে ? কিয় এই […]

বিমূৰ্ত্ত মোৰ নিশাটি যেন (Bimurto Mur Nisati Jen) Lyrics

বিমূৰ্ত্ত মোৰ নিশাটি যেন মৌনতাৰে সূতাৰে বোৱা এখনি নীলা চাদৰ তাৰেই এটি মিঠা ভাঁজত নিশ্বাসৰে সুৰ আৰু জীয়া জীয়া আদৰ কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে নিৰৱ মৰম বাবিষাৰ বহুত সংঘাতৰ তাৰেই এটি মিঠা ভাঁজত নিশ্বাসৰে সুৰ আৰু জীয়৷ জীয়া আদৰ ৷ সৰি পৰে প্ৰত্যাশিত অশ্রু যেন প্রতিধ্বনি সাদৰী মাতৰ তাইৰ সাদৰী মাতৰ পৰিধিবিহীন সঙ্গমমুখী […]

অট’ৰিক্সা চলাওঁ আমি দুয়ো ভাই (Autoricksha Solao Ami Duyu Bhai) Lyrics

অটো ৰিক্সা চলাওঁ আমি দুয়ো ভাই গুৱাহাটী কৰি গুলজাৰ বি-ই ফেল ম‍ই সৰু ভাই এম-এ পাছ বেঙ্কতো বহুতো ধাৰ । ভাইটিৰ নামত আছে পার্মিট চলাওঁ মইও একোবাৰ শিক্ষিত বেকাৰৰ মই-সৰু-ভাব কমপ্লেক্স নাই আমাৰ ভাইটিৰ এটি মাথে৷ দোষ আছে ( জানিব খুজিছে কি দোষ ? ) জালুকবাৰী প্ৰিয় তাৰ মোৰ পৰা কেতিয়াবা অটোখন কাঢ়ি কয়, ‘প্রিয়া […]

বিস্তীৰ্ণ পাৰৰে (Bistrino Parore) lyrics

বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিঃশব্দে নিৰৱে বুঢ়া লুইত তুমি বুঢ়া লুইত বোৱা কিয় ? নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নির্লজ্জ অলস ভাৱে বোৱা কিয় ?   জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাত নিৰৱ কিয় ?   সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে পঙ্গু মানৱক সবল সংগ্রামী আৰু অগ্ৰগামী কৰি নোতোলা কিয় ?   ব্যক্তি যদি […]