এই আকাশ বৰ বিশাল
এই পথাৰ বৰ ৰসাল
তেও কিয় লাগে উকা
মোৰ মন পথাৰতে পাক সা
তই ৰবি হৈ জীপাল
আহ, উৰি আহ, অ’সজল মেঘ
চা, জুমি চা, অ’ কোমল মেঘ
মন আকাশ বৰ বিশাল
মোৰো হৃদয় বৰ ৰসাল
জুৰি বয় নদীলৈ, নদী যায় সাগৰলৈ
বনফুল চুবলৈ, কোন যায় বতাহে হৈ
তই নদী হৈ আহ কাষলৈ
মন সাগৰত পৰ আহি বৈ
মন সাগৰ বৰ বিশাল
মোৰো হৃদয় বৰ ৰসাল
তেওঁ কিয় লাগে উকা।