নৱ নৱ ব’হাগ আহে সৰুফুল মিচিকি হাঁহে
মনে তোমাক ধিয়ায়
নৱ নৱ মিলন নিশাৰ সৰু তৰা জকমকায়
মনে তোমাক ধিয়ায়
স্বপ্ন হৈ ৰচনাত মেদিনীৰ হাঁহি বঢ়ালা
তুমিয়ে মোৰ আপোনবৰ সৰগৰ সুৰ সজালা
নৱ নৱ মোৰ ৰচনাকে শুনোতাই গুণ-গুণায়
মনে তোমাক ধিয়ায়
ই যে ভাগ্য সু-আৱাহনি শতবাৰ মানি ললো
অভিজ্ঞতা উপচি পৰে জলধিত মানসৰো
লেখি লহৰ যে ধুনীয়া হিয়া যে ৰূপতে নাচে
মনে তোমাক ধিয়ায়
মুমূর্ষু ৰিক্ত গানে ক’ত নীৰৱ ভাষাই
সেই দিন যে পাৰ হৈ যায়, যি সময় নাহে দুনাই
দেখে মিলন বাসনা অপৰূপ ৰূপ পিয়াহে
মনে তোমাক ধিয়ায়।