অগ্নিযুগৰ ফিৰিঙতি মই (Ogni Jugor Firingoti Moi) Lyrics

অগ্নিযুগৰ ফিৰিঙতি মই

নতুন অসম গঢ়িম ।

সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব পুনৰ ফিৰাই আনিম

নতুন অসম গঢ়িম

 

নৰকঙ্কালৰ অস্ত্ৰ সাজি শোষণকাৰীক বধিম ।

সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব পুনৰ ফিৰাই আনিম ।

ধৰ্ম্ম ব্যৱসায়ীৰ ঠাই নাই তাত,

জাতিৰ অহঙ্কাৰ লয় পাব তাত।

অস্পৃশ্যতাৰ মহাদানৱক

আপোন হাতেৰে নাশিম ।

নতুন অসম গঢ়িম ।

 

হৰিজন, পাহাৰী, হিন্দু, মুছলিমৰ

বড়ো, কোচ, চুটিয়া, কছাৰী, আহোমৰ

অন্তৰ ভেদি মৌ বোৱাম

ভেদাভেদৰ প্ৰাচীৰ ভাঙি

সাম্যৰ সৰগ ৰচিম ।