অট’ৰিক্সা চলাওঁ আমি দুয়ো ভাই (Autoricksha Solao Ami Duyu Bhai) Lyrics

অটো ৰিক্সা চলাওঁ
আমি দুয়ো ভাই
গুৱাহাটী কৰি গুলজাৰ
বি-ই ফেল ম‍ই
সৰু ভাই এম-এ পাছ
বেঙ্কতো বহুতো ধাৰ ।

ভাইটিৰ নামত আছে পার্মিট
চলাওঁ মইও একোবাৰ
শিক্ষিত বেকাৰৰ
মই-সৰু-ভাব
কমপ্লেক্স নাই আমাৰ

ভাইটিৰ এটি মাথে৷ দোষ আছে
( জানিব খুজিছে কি দোষ ? )
জালুকবাৰী প্ৰিয় তাৰ
মোৰ পৰা কেতিয়াবা
অটোখন কাঢ়ি কয়,
‘প্রিয়া আজি হ’ব পেছেঞ্জাৰ’

মই সুধিলোঁ
‘তোক বিয়া কৰিব জানো
নহ’লি যে তই প্ৰফেচাৰ ?
সি উত্তৰ দিয়ে
‘মোৰ প্ৰেয়সীয়ে বুজে দাদা
ডিগনিটী অৱ লেবাৰ’

( তহঁতৰ ছাবজেক্ট একে আছিল নেকি অ’ ?
তোৰ আৰু প্ৰেয়সীৰ আছিল )

অর্থনীতি দুয়োৰে ছাবজেক্ট
এইবাৰ প্ৰেয়সী ফিফথ ইয়াৰ
যোৱাবেলি ম‍ই
এম-এ পাছ কৰি
লৈছিলোঁ পার্মিট অটো ৰিক্সাৰ ।

ভাল কৰিলি ভাই
ভালেই কৰিলি
ভাবী ভাই বোৱাৰীলৈ আশিষ অপাৰ
হাকিম বা মন্ত্ৰীৰ
চাকৰি বিচাৰি তই
নহ’লি যে ভাগ্যে চিৰ বেকাৰ ।

ব’ল ভাই
ব’ল বহু ৰাতি হ’ল
নাই কোনো পেছেঞ্জাৰ ।
সেমেকা বতৰ তোৰ
দেখোঁ বৰ জাৰ
ৰুগীয়া আয়ে চাগে
ৰখি আছে বাঢ়ি লৈ
দাইল ভাত দুয়োৰে আমাৰ ।

ঘূৰি
ৰিফাইনেৰী আৰু জালুকবাৰী
লাচিত নগৰ আৰু উজান বজাৰ,
ভৰলুমুখ আৰু নিজৰাৰ পাৰ,
লাচিত নগৰ আৰু ফাঁচী বজাৰ
বন কৰিছোঁ দুয়ো ঘাম পেলাই
ওভোতাম বেঙ্কৰ বাকীখিনি ধাৰ ।

সুধিলোঁ ‘তোক বিয়া কৰিব জানো ?’
সি উত্তৰ দিয়ে,
“মোৰ প্ৰেয়সীয়ে বুজে দাদা
ডিগনিটী অৱ লেবাৰ
ডিগনিটী অৱ লেবাৰ
ডিগনিটী অৱ লেবাৰ ।’

 

Amazon Product