অভিযাত্রী দূৰৈৰ যাত্ৰী
আমাৰ লক্ষ্য পোহৰ
এন্ধাৰ ফালি আগবাঢ়ি যাও
গীত গাও সূৰুযৰ
প্রভাতী সূৰ্য আনিম আদৰি
আমাৰ পথত ফুলিব পাপৰি
ৰং পৰিল আকাশত
অভিযাত্রী দূৰৈৰ যাত্ৰী
যিমান সুষমা আহে পৃথিৱীত
সকলো আমাৰ হ’ব
নতুন দিনৰ সকলো গীত
আমাৰ কণ্ঠত ৰ’ব
আমি আগবাঢ়ো এই পথে পথে
অপৰূপ আনন্দত
অভিযাত্রী দুৰৈৰ যাত্ৰী।