অ’ আমাৰ গাঁও !
আমাৰ গাঁৱৰ মান ৰাখি
মৰিলৈ যাওঁ আমি
মৰিবলৈ যাওঁ।
ভৰপূৰ তামোলৰে
সেউজীয়া পথাৰেৰে
দূৰতে জিলিকি থকা
অ’ আমাৰ গাঁও!
দেশৰ হকে মৰিব পৰা
আমাৰ গাঁৱৰ ডেকা ল’ৰা
ডেকেৰী নহয় পাছ পৰা
অ’ আমাৰ গাঁও ।
একঠা মাটি মই উপজিয়ে পাওঁ
এমুঠি পেটৰ ভাত
এখনি কাপোৰ গাত
আজি কিয় তাকো নাপাওঁ ?
এই মাটি মোৰ অধিকাৰ
মোৰে ভাত মোৰে কাপোৰ
মোৰে দেশ আজি মই
নিজে ৰখাওঁ ।
কালৰ মূৰ্তি ধৰি
শতৰু মূৰত
আকাশৰ চৰগ পেলাওঁ ।