অ’ আমাৰ গাঁও ! (O Amar Gaon) Lyrics

অ’ আমাৰ গাঁও !

আমাৰ গাঁৱৰ মান ৰাখি

মৰিবলৈ যাওঁ আমি

মৰিবলৈ যাঁও।

 

ভৰপূৰ তামোলৰে

সেউজীয়া পথাৰৰে

দুৰতে জিলিক থকা

অ’ আমাৰ গাঁও !

 

দেশৰ হকে মৰিব পৰা

আমাৰ গাঁৱৰ ডেকা ল’ৰা

ডেকেৰী নহয় পাছ পৰা

অ’ আমাৰ গাঁও !

 

একঠা মাটি মই উপজিয়ে পাওঁ

এমুঠি পেটৰ ভাত

এখনি কাপোৰ গাত

আজি কিয় তাকো নাপাওঁ?

 

এই মাটি মোৰ অধিকাৰ

মোৰে ভাত মোৰে কাপোৰ

মোৰে দেশ আজি মই

নিজে ৰখাওঁ।

 

কালৰ মূৰ্তি ধৰি

শতৰু মূৰত

আকাশৰ চৰগ্ পেলাওঁ।