অ’……. দেউতা (O Deuta) Lyrics

মনে যদি টোকে চকুলো
নিচুকাই দিবানে অ’ দেউতা
সপোনে যদি হেৰায় ঠিকনা
বিচাৰে দিবানে অ’ দেউতা
শোকত যদি বিষায় বুকু
তুমিও কান্দিবানে দেউতা
জীৱন যদি হয় ভাগৰুৱা
জিৰাব দিবানে অ’ দেউতা
অ’……. দেউতা
খোজে খোজে তুমি মোৰ ছায়া
শব্দৰে শেষ নহয় তোমাৰ কথা
অ’…. মোৰ দেউতা
মনে যদি টোকে চকুলো…
অশ্ৰু থুনুকা হ’ল… স্মৃতিবোৰ ধূসৰ হ’ল
অশ্ৰু থুনুকা হ’ল… স্মৃতিবোৰ ধূসৰ হ’ল
নোৱাৰো কান্দিব দুখৰ বোজা
নোৱাৰো সাজিব প্ৰেমৰ পঁজা
মৰমে যদি বিচাৰে আশ্ৰয়
তুমি দিবানে অ’ দেউতা
সাহসৰ যদি হয় পৰাজয়
তুমি থাকিবানে অ’ দেউতা
এবাৰ মাতিবানে মোক দেউতা
কোলাত ল’বানে মোক অ’ দেউতা
হিয়াখন জুৰাবানে দেউতা
অ’…. মোৰ দেউতা
সাগৰখন শুকাই গ’ল… মেঘবোৰ লুকাই ৰ’ল
সাগৰখন শুকাই গ’ল… মেঘবোৰ লুকাই ৰ’ল
জীৱন মৰুত জ্বলিছে চিতা
নাপায় হেনো বৃষ্টিৰ বতৰা
শোকত যদি বিষায় বুকু
তুমিও কান্দিবানে দেউতা
জীৱন যদি হয় ভাগৰুৱা
জিৰাব দিবানে অ’ দেউতা
অ’……. দেউতা
খোজে খোজে তুমি মোৰ ছায়া
গানেৰে শেষ নহয় তোমাৰ কথা
অ’…. মোৰ দেউতা
মনে যদি টোকে চকুলো…