অ’ বিদেশী বন্ধু (O Bideshi Bondhu) Lyrics

অ’ বিদেশী বন্ধু, দুৰ্ভীয়া
আজি কিয়নো বন্ধু, অকলশৰীয়া
প্ৰতিধ্বনি শুনো কান্দোনৰ
অ বিদেশী বন্ধু, দুৰ্ভীয়া
আজি কিয়নো বন্ধু, অকলশৰীয়া ।

প্ৰেমৰ সাগৰে জাহাজ মেলিলি
নেপালি কোনো বন্দৰ
সৰু চাকনৈয়াতে বন্দী হলি
হেৰুৱালি তোৰ লংগৰ
অ’ বিদেশী বন্ধু, দুৰ্ভীয়া
আজি কিয়নো বন্ধু, অকলশৰীয়া ।
চিৰ সেউজতে চামেলি দেখি
অতি মনোমুগ্ধকৰ
লিৰিকি বিদাৰি সুগন্ধি লওঁতেই
চামেলি হ’ল গৈ পৰ
অ’ বিদেশী বন্ধু, দুৰ্ভীয়া
আজি কিয়নো বন্ধু, অকলশৰীয়া