অ’ সখী আজি যৌৱন বন জুৰি (O Sakhi Aji Jouban) Lyrics

অ’ সখী আজি                 যৌৱন বন জুৰি

বন – বসন্ত  মঞ্জুৰি

পাতে বৰণৰে মেলা,

হাঁহা সখী মোৰ                   হাঁহা সখী মোৰ

হাঁহিৰে ফাকু খেলা।

তোৰ ৰূপৰ ফুলনিতে

শেৱালি নোৱালি কতনো ফুল

দশোদিশ আমেলাই                 কৰিছে আকুল

ফুলৰ বাটিৰে মৌৰে                 নিজৰা বাকি দিয়া

বিয়াকুল ৰূপ মৌ পিয়া।

আজি অভিনৱ তৰালী পোহৰৰ

চঞ্চল গীতি শুনা-

তাৰ লগৰতে কঁপি কঁপি মোৰ যৌৱনৰ

জোনাকী কাৰেঙত বাজে বীণা।

তাতে বাসনা-উৰ্বশী

বিবসনা-

নৃত্যতে আকুল

অ’ সখী ! যায় যে বেলা-

হাঁহা সখী মোৰ                  হাঁহা সখী মোৰ

হাঁহিৰে ফাকু খেলা।