আঁউসীৰ জোন মোৰ (Aaukhir Jon Mur) Lyrics

(তুমি চালেই জানা তুমি চুলেই জানা,
মেঘালী সপোনে বাগৰ সলাই
তুমি চালেই জানা তুমি চুলেই জানা,
মেঘালী সপোনে বাগৰ সলাই)

আঁউসীৰ জোন মোৰ সমুখতে
সেমেকা চকুলো দুগালতে
নিজানৰ ৰাতি মোৰ কেতিয়াকে
পুৱাব, খেলিব ৰ’দে সতে
তুমি আহিবা এদিনা ৰং দিবা দুচকুত
মৰমেৰে বুকু ওপচাই

দিনে প্ৰতিদিনে
মাথোঁ মনে প্ৰাণে
দিনে প্ৰতিদিনে
মাথোঁ মনে প্ৰাণে
আঁকিলো ৰামধেনু হিয়া জুৰাই
তোমাৰ বাবেই জানা
বুকুৱে মোৰ জানা
নোশোৱে উজাগৰে ৰজনী কটায়
চকুৱে তোমাকে ধিয়ায় ।

গোপনে ফাগুনে
মন উতলালে
গোপনে ফাগুনে
মন উতলালে
তুমি অহাৰ আজি বাতৰি পাই
তুমি চালেই জানা
তুমি চুলেই জানা
মেঘালী সপোনে বাগৰ সলায়

হিয়া নৈ ঢৌৱে কোবায় ।।

আঁউসীৰ জোন মোৰ সমুখতে
সেমেকা চকুলো দুগালতে
নিজানৰ ৰাতি মোৰ কেতিয়াকে
পুৱাব, খেলিব ৰ’দে সতে
তুমি আহিবা এদিনা ৰং দিবা দুচকুত
মৰমেৰে বুকু ওপচাই

Amazon Product