আকৌ নতুন প্ৰভাত হ’ব
কালৰাতি এই নাথাকিব
নিউ নিউ কৰা ফেচাৰ চিঞৰ
শিয়ালৰ ৰাও আতৰিব
আকৌ নতুন……..
আকৌ নতুন প্রভাত হ’ব
কালৰাতি এই নাথাকিব
অন্ধকাৰৰ ডাইনী ভূতৰ
বক্ষ পোহৰে বিদাৰিব
আকৌ নতুন প্রভাত হ’ব
কালৰাতি এই নাথাকিব
জয়াল ৰাতিৰ বিভীষিকাবোৰে
সাহজুই দেখি পলাই যাব
আকৌ নতুন প্ৰভাত হ’ব
দীপ্ত সূর্য জিলিকিব
সেই ৰশ্মিয়ে নিঠৰ যুগক
নতুন গতি আনি দিব।