আগলতি কলাপাত লৰে কি চৰে
চিলনী আই তোৰ কাষতে পৰে
ফাল্গুনী আই, আই তোৰ নাই
আগলি পাততে কাউৰী পৰে
নেখাবি নেখাবি অজাতি কাউৰী
কলিজাই আমনি কৰে
নেবান্ধ নেবান্ধ মুকলি চুলি
নিপিন্ধ নিপিন্ধ সোণৰ কাণফুলি
বুকু তোৰ হম্ হম্ কিয়নো কৰে
মনে তোৰ অমঙ্গল কিয়নো কৰে
আগলি কলাপাত লৰে কি চৰে
বন্ধ সজাতে তোৰ আয়েৰক মনতে পৰে
আই তোৰ আয়েৰক মনতে পৰে
এধানি হিয়াতে তোৰ
দুখে যে উথলি পৰে
আই তোৰ দুখে যে উথালি পৰে।