আজলী ছোৱালী
নানা ফুল তুলি
আনিলোঁ আঁচল ভৰাই ।
সজাই ফুলেৰে
অতি যতনেৰে
বৰালোঁ বৰণ শৰাই ৷৷
ৰঙিলী পখিলী
ৰঙ্গা পাখি মেলি
আদৰি নাচি নাচি যায় ।
কলী কলি জাকে
বিৰিখে বিৰিখে
উলাহত সুহুৰিয়ায় ৷
তোমাকে আদৰি
আনে ঐ সাদৰি
শত ভকতৰে দল।
শংখ বাজিছে ।
বৰকাঁহ ধ্বনিছে
উঠিছে উৰুলিৰ ৰোল ৷৷