আজি মন্দিৰ-দুৱাৰ খোলা !
বহে মিলন-উৎসৱ মেলা।
শুনো মঙ্গল আৰতি গান
নাচি উঠে ভকতৰে প্ৰাণ ৷
হ’ল যে পূজাৰে বেলা ।
মন্দিৰ দুৱাৰ খোলা।
স্বাগত নবাগত অতিথি
হিয়াত ফুলাম আসন থৈছো পাতি ।
পুষ্পিত মন্দিৰ কানন বীথি
ফুলনিৰ তলসৰা
তুলি ফুল মনোহৰা
গাঁথিলো উলাহে মালা ৷
হ’ল যে পূজাৰ বেলা ।
মন্দিৰ-দুৱাৰ খোলা।