আমাৰে সখিয়া আকুল বিয়াকুলে (Amare Xokhiya) Lyrics

আমাৰে সখিয়া আকুল বিয়াকুলে
সপোনৰ হাঁহিটি চাই,
সপোনত কোঁৱৰে আহুদি আনিলে
মতলীয়া সখী খাই!

দিঠকৰ বাতৰি সপোনত মিলিলে
আছিল সখী বাটে চাই।
ফাগুনৰ বতাহে গাতে ছাটি মাৰে
গাতে ছাটি মাৰি যায় ৷

চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ
গাতে উৱাদিহে নাই
সখিয়াৰে গাতে উৱাদিহে নাই।