আহে বা নাহে ঘুমতি (Ahe ba Nahe Ghumoti) Lyrics

আহে বা নাহে ঘুমতি আহিবা ৰাতি
সপোনকে লৈ
সপোনকে লৈ
থাকে বা নাথাকে শাওনৰে ঢল
তুমি মৰমৰে নৈ
মৰমৰে নৈ
দুপাখি মেলি সমীৰে আহি
দিয়ে বা নিদিয়ে ফাগুণৰে খবৰ
তুমি ৰোৱা যেন মোলৈ ।

আহে বা নাহে ………..

চোৱে বা নোচোৱে নিয়ৰে
শেৱালি পাহিটি শৰতে শৰতে
চোৱে বা নোচোৱে …………
নাচে বা নানাচে জোনাকী হৈ
তুমি সোণ নাচিবা মোৰে হিয়াতে ৰৈ ।।
আহে বা নাহে …………..

জোৰে বা নোজোৰে বান্ধি ল’ম
কিনো মৰমৰে এনাজৰীকে পাওঁ
জোৰে বা নোজোৰে ……………..
বহে বা নবহে ফুলতে গৈ
ৰঙিলী পখিলী তুমি ৰঙৰে ছৈ ।
আহে বা নাহে …………