আহে বা নাহে ঘুমতি (Ahe Ba Nahe) lyrics

আহে বা নাহে ঘুমতি
আহিবা ৰাতি সপোনকে লৈ
সপোনকে লৈ
থাকে বা নাথাকে শাওণৰে ধল তুমি
(মৰমৰে নৈ)×২
দুপাখি মেলি সমীৰে আহি
দিয়ে বা নিদিয়ে ফাগুনৰে খবৰ
তুমি ৰোৱা যেন মোলৈ
আহে বা নাহে ঘুমতি
আহিবা ৰাতি সপোনকে লৈ
সপোনকে লৈ

চুৱে বা নুচুৱে নিয়ৰে
শেৱালি পাহিতি শৰতে শৰতে
চুৱে বা নুচুৱে নিয়ৰে
শেৱালি পাহিতি শৰতে শৰতে
নাচে বা নানাচে জোনাকী হৈ
তুমি সোণ নাচিবা মোৰে হিয়াতে ৰৈ
আহে বা নাহে ঘুমতি
আহিবা ৰাতি সপোনকে লৈ
সপোনকে লৈ

জোৰে বা নোজোৰে বান্ধি লও
কিনো মৰমৰে এনাজৰিকে পাও
জোৰে বা নোজোৰে বান্ধি লও
কিনো মৰমৰে এনাজৰিকে পাও
বহে বা নবহে ফুলতে গৈ
ৰঙিলী পখিলি তুমি ৰঙৰে চৈ
আহে বা নাহে ঘুমতি
আহিবা ৰাতি সপোনকে লৈ
সপোনকে লৈ..

Amazon Product