উভটি চোঁৱা ধুলিয়ৰি বাটে (Ubhoti Suwa) Lyrics

উভটি চোঁৱা ধুলিয়ৰি বাটে
ধূলি হৈ হৈ উৰিব জীৱনী
উজুটি খোৱা উচুপনিবোৰে
ছবি হৈ হৈ ক’বহি কাহিনী
সময়ৰে সুঁতি সোঁততে সুহুৰি
সুৰুঙাৰে সৰকি সুঁৱৰি
উভটি চোঁৱা ধুলিয়ৰি বাটে
ধুলি হৈ হৈ উৰিব জীৱনী

অচিন আকাশৰ সিটো পাৰে
পলকেও ঠিকনা সলালে
মলিন ছবিৰে ৰংবোৰে
কিনো ৰং কতেনো সানিলে
আধামৰা জোনে উচুপি কান্দে
এন্ধাৰৰ এলাগী বাটতে
সমুখৰে ৰ’দে তমসাকে চুমে
ঘড়ীটোৰ দীঘে বাণিয়ে

উভটি চোৱা ধুলিয়ৰী বাটে
ধুলি হৈ হৈ উৰিব জীৱনী
উজুটি খোৱা উচুপনিবোৰে
ছবি হৈ হৈ ক’বহি কাহিনী

বেলি উৰি উৰি ঢলি পৰে
আবেলি গধূলি পৰতে
উকি মাৰি মাৰি ৰেল চলে
উলটি কাহানিও নহাকে
ধোৱা ধোৱা হোৱা
চকুলোৰে চিতা
জলি ৰয় আউশীৰ জোনতে
হাতে হাতে ছহাত
ছমুঠন হেঁপাহ
খৰমান গানৰে ৰাগতে

উভটি চোঁৱা ধুলিয়ৰি বাটে
ধূলি হৈ হৈ উৰিব জীৱনী
উজুটি খোৱা উচুপনিবোৰে

ছবি হৈ হৈ ক’বহি কাহিনী