এই ধুনীয়া গধূলী লগন (Ei Dhuniya Godhuli Lagan) Lyrics

এই ধুনীয়া গধূলী লগন
জানকী,
কি ?
কিয় এই সংযমহীন আচৰণ ?
কিয় ?

এই ধুনীয়া গধূলি লগন সংযমহীন আচৰণ
সমাজৰ আঁৰতে নিয়ম ভাঙি
কিয় দুয়ো দুয়োতে মগন ?

কিয় বাৰু ?
প্ৰেমনো কি ?

প্রেম যেন বহুতৰ কটাৰীৰ খেল
শানিত কটাৰী চলে
শন্ শন্ শৱদে বুকু ভেদিলে,
বাধা দিব কোন কৌশলে ?

কিয় এই আকর্ষণ ?

জীৱন এন্ধাৰ জগত এন্ধাৰ
তুমিতো বিজুলীৰ চাকি
তোমাৰ জ্যোতি যদি বুকুতে হেৰাই
দিলাই বা অকমান ফাকি
অঘৰী জীৱন অকলশৰীয়া
পাপ যদি হয় হওক জগৰীয়া
কম্পিত বুকুৰ আকলুৱা
দুটি বাহু মৰম বলিয়া

দিয়া মিঠা আলিঙ্গন ।

Amazon Product