এই লগনত কলো (Ei Laganat Kalo) Lyrics

এই লগনত কলো, প্রতিশ্রুতি দিলো
আলফুলে ললো, হাততে হাত থলো
মই তোমাৰেই, তোমাৰেই
আকাশ বতাহে সাক্ষী, পাহাৰ নিজৰা সাক্ষী
জনমে মৰণে তোমাৰেই

ইমান মধুৰ এই মৰম দিলো
ইমান নিবিড় এই মৰম দিলো
ম‍ই তোমাৰে, তোমাৰেই
নিলাম পূৰ্ণতাযে নাম জীৱনৰ
পূৰ্ণ কৰিমেই প্ৰতিটো প্ৰহৰ

জীৱন জুৰি ৰ’ম জোনাকে হৈ
মৰণতো ৰ’ম ছাঁয়াকে হৈ
মই তোমাৰেই, তোমাৰেই,

আমাৰ নিয়তি আমিয়েই হম
জীৱনৰে হাঁহি কোলাতেই লম
মই তোমাৰেই, তোমাৰেই
এই লগনত কলো, প্রতিশ্রুতি দিলো
আলফুলে ললো, হাততে হাত থলো
মই তোমাৰেই, তোমাৰেই।