এক দুই তিনি
গান্ধী পুতলাক পাইছানে চিনি
এ চকু ঢাকি, এ কাণ ঢাকি, এ মুখত হাত দি
কি কয়, কি কয় শুনা অকণমানি
গান্ধী পুতলাক পাইছানে চিনি
বেয়া নাচাবা, বেয়া নুশুনিবা, বেয়া নকবা, ভাল মন দিয়া
কোনে কয়, কোনে কয়, শুনি ৰিণি ৰিণি
গান্ধী পুতলাক পাইছানে চিনি
গাড়ীঘোঁৰা থাকিলেই ডাঙৰ নহয়
বেয়াত যদিহে মন মজি মজি ৰয়
কোনে কয়, কোনে কয়, অ’অকণমানি
গান্ধী পুতলাই চাবা ভাবি গুণি।