এয়ে মোৰ শেষ গান
মোৰ জীৱন-নাটৰ শেষ ৰাগিনী
কল্যাণ খৰমান ।
পাতনিতে বালোঁ ধেমালী নান্দী
ভঙ্গী সূত্ৰধাৰ
হাঁহি বিননিয়ে ভাও দিলোঁ নানা
বোৱালোঁ অশ্রুধাৰ
নৱ নৱ ৰসে বালোঁ ভাৱ নাৱ
আশাৰ নিৰাশাৰ
আজি হব মোৰ জীৱন নাটৰ
ভাওনাৰ অৱসান ।।
নীল আকাশত পুৱঁতী তৰাই
ঢিমিকি টিমিকি জ্বলে
সিও যাব নুমি একে নিশাহতে
বেলিৰ পোহৰ পালে।
ঠগীৰ লগৰে বন্তিৰ শিখা
নুমো নুমো কই নাচে
খৰমান তালৰ কল্যাণ ৰাগৰ
ছেৱে অপৰূপ ঠাচে।
দোষে গুণে হ’ল ভাওনাৰ শেষ
পুৱতী তৰাও নুমে
বাঁহৰ আগেদি উষাৰ বেলিয়ে
ৰঙা মুখ তুলি জুমে
শিখাৰ লগৰী বিদায় ৰাগিনী
ৰাইজৰ পদ চুমে
আজি হ’ল মোৰ জীৱন-নাটৰ
ভাওনাৰ অৱসান ।