এৰা এৰি ক্ষনিকৰে (Era Eri) Lyrics

এৰা এৰি ক্ষনিকৰে
অচিৰে তুমি মই মিলিম
দুয়োপাৰে পৃথিৱী থৈ
ভালপোৱাৰে দিঙা মেলিম
ফুলিব ফুল আমোলমোল
ৰহঢলা পথাৰ বিয়পি
জ্বলিব সোন মাধৱী জোন
ধনশিৰি ধুনীয়া লহৰ বুতলি

এৰা এৰি ক্ষনিকৰে…

নীলা আখৰ এটি দুটি
কাগজৰে কোলাতে গুঠি
সুধিছো কুশলে মৰমী আছানে
জনাবা দেৰি নকৰি
প্ৰণয়ৰে খামৰে বুকুত
লিৰিকি বিদাৰি তোমাকে
যেন বিচাৰিছো আদৰ যাচিছোঁ‌
আতুৰ হিয়া জোকাৰি
ফুলিব ফুল আমোলমোল….

বকুল সুবাস ওমলা
জুৰ মৰম মঞ্জুলা
ওৰণি টানিলৈ সোণ লখিমী হৈ
সজালা ঘৰ নিৰলা
ন জীৱনৰে আঁ‌চনি
মধুমিলনৰে পাতনি
ভাইমনৰে মন
আৰু যে বুকুখন
ভালপোৱাৰে হ’ল ধনী
ফুলিব ফুল আমোলমোল….

ৰং কেতিয়াযে আঁ‌তৰিল
খং অভিমানেৰে ভৰিল
মৰমে মৰমক বুজিও নুবুজে
এনুৱা কথাটো নাছিল
গধুৰ পলকে জোঁ‌কাৰে
ছায়াবোৰে আৱৰি ধৰে
তথাপি ভৰষা
মধু বৰষা সঁ‌হাৰি আপোনজনৰে
ফুলিব ফুল আমোলমোল….

দুখনি হিয়াৰে মিলনত
মনৰ মৰম কাননত
নতুন কলিটি ফুলু ফুলু বুলি
যেন হাঁহিৰে সুধিলি
ঘৰ উদুলি মুদুলি
ৰঙীণ প্ৰাণৰে পদুলি
চকুৱে চকুৱে
বাতৰি সুখৰে
নতুন আহিলে আলহি
ফুলিব ফুল আমোলমোল…