ঐ নিলাজ পাহাৰ (Oi Nilaj Pahar) Lyrics

ঐ নিলাজ পাহাৰ, ঐ শুকান পাহাৰ
মৰমবিহীন হৈ মৰ্‌ মৰ্ লাজতে মৰ
ঐ নিলাজ পাহাৰ, ঐ শুকান পাহাৰ

বিচাৰিলি কি, পালি তই কি
সপোন দেখিছিলি
জিৰ্‌ জিৰ জিৰ জিৰকৈ নিজৰা ব’ব
তোৰ বুকুৱেদি এটি মিঠা নিজৰা ব’ব
তোক মৰমেৰে আঁকোৱালি নিজৰা ব’ব
তাইক পাই তোৰ বুকুখন ৰসাল হ’ব
একো নেপালিহে
ভাঙিলনে তোৰ অহংকাৰ
ঐ শুকান পাহাৰ, ঐ নিলাজ পাহাৰ

বিচাৰিলি কি পালি তই কি
বহু ভাবিছিলি
তোৰ বুকুত আছিল হেনো ৰূপ ৰূপালী
হেনো কলিজা খান্দিলে পাই সোণ সোণালী
আজি সোণ খান্দি নিব, তই ৰূপো হেৰুৱালি
বালিচন্দা মাথোঁ তই বুটলিলি
কি পালিহে :
ভাঙিলনে তোৰ কামিহাড়
ঐ শুকান পাহাৰ, ঐ নিলাজ পাহাৰ ।