কঁকাল খামোচীয়া গাল গুলপীয়া
তুমি কোন সৰগৰ পৰি
কজলা চকুৰে পদুমী খোজেৰে
নিলাহী মন মোৰ হৰি
গাৱঁৰে জীয়াৰী থাকিবা আতঁৰি
চুলে মাৰিব বিজুলি
কঁকাল খামোচীয়া গাল গুলপীয়া
তুমি কোন সৰগৰ পৰি
কজলা চকুৰে পদুমী খোজেৰে
নিলাহী মন মোৰ হৰি
এ হে হে….
ধাননি পথাৰত সোনোৱালী শষ্যত
জিলিকে আমাৰে আশা
ঘৰে ঘৰে বন্তি জ্বলিলে গধুলি
শেৱালী সৰিলে পুৱা
চহৰৰে ডেকা লৰা হেনো মিছলীয়া
নোবোজে মনৰে ভাষা
আমি গাৱঁলীয়া সৰল আলসুৱা
নুশুনো চলাহী কথা।
ভুল কৰিবা যদিহে বুজি মোক নুবুজা
আকলুৱা মনৰে ভাষা
ভুল কৰিছা যদিহে দেখি মোক নেদেখা
নুবুজা কলিজাৰ বেথা
কঁকাল খামোচীয়া গাল গুলপীয়া
তুমি কোন সৰগৰ পৰি
কজলা চকুৰে পদুমী খোজেৰে
নিলাহী মন মোৰ হৰি
গাৱঁৰে জীয়াৰী থাকিবা আতঁৰি
চুলে মাৰিব বিজুলি
এ হে হে..
কঁকাল খামোচীয়া গাল গুলপীয়া
তুমি কোন সৰগৰে পৰি
কজলা চকুৰে পদুমী খোজেৰে
নিলাহী মন মোৰ হৰি ।।
নৈ পাৰে পাৰে
উৰে আমাৰ মন
হেপাঁহৰ ৰঙীন পখিলা
জোনাক নামিলে সোণাৰু ফুলিলে
সপোনে কৰে ৰাসলীলা
কহুৱা মলয়াই
নিতে আহি চুই যায়
পদূলিত উৰুৱাই ধূলি
কপৌ পাৰৰ মন
চোতাল শুৱনি
শালিকিও গুণ গুণনি
তুমি আহিবা
নৈৰে ঘাটলৈ গধূলি
সকলো কম মই খুলি
তুমি জানিবা দেখিবা
বুজিবা সকলো
নাভাবিৱা মিছলীয়া বুলি
কঁকাল খামোচীয়া গাল গুলপীয়া
তুমি কোন সৰগৰ পৰি
কজলা চকুৰে পদুমী খোজেৰে
নিলাহী মন মোৰ হৰি
গাৱঁৰে জীয়াৰী থাকিবা আতঁৰি
চুলে মাৰিব বিজুলি
এ হে হে..
কঁকাল খামোচীয়া গাল গুলপীয়া
তুমি কোন সৰগৰে পৰি
কজলা চকুৰে পদুমী খোজেৰে
নিলাহী মন মোৰ হৰি।