কাৰ পৰশ (Kar Porokh) Lyrics

কাৰ পৰশ, কাৰ উশাহ আৰু কাৰ সুবাস
কাৰ তিতা-মিঠা এশাৰী মাত
জীয়াই থাকিবলে লাগে আমাক
কাৰ পৰশ, কাৰ উশাহ আৰু কাৰ সুবাস
কাৰ তিতা-মিঠা এশাৰী মাত
জীয়াই থাকিবলে লাগে আমাক

হুমুনিয়াহ চেঁচা চেঁচা এই দুখৰে কাঁহ
কামিহাঁড় ভাঙি যোৱা বতাহ
লাগে জানো আমাক
জানো আমাক

বুজি চাগে পোৱা তুমি
বুজি পাওঁচোন আমি ।

ঠুনুকা এই জীৱনতে
এমুঠি হাঁহি পাবলে যে টান
থকা হাঁহিকণ নোহোৱা হ’লেই
সকলোখিনি হ’ব অৱসান

নিদ্ৰাৰ পৰা সাৰ পোৱা
উঠা জাগা আৰু জগোৱা
চকু মেলি চোৱা পৰভাত
হৃদয়ৰ পৰা দিয়া মাত
বুজি চাগে পোৱা তুমি
বুজি পাওঁচোন আমি ।

কাৰ পৰশ, কাৰ উশাহ আৰু কাৰ সুবাস
কাৰ তিতা-মিঠা এশাৰী মাত
জীয়াই থাকিবলে লাগে আমাক

সপোনৰে ৰং দুচকুতে লৈ
কত যে শিশু আছে আশা লৈ
নতুন আহিব, জোৱাৰ আনিব
শান্ত সুন্দৰ ফুলনি হৈ
নিদ্ৰাৰ পৰা সাৰ পোৱা
উঠা জাগা আৰু জগোৱা
চকু মেলি চোৱা পৰভাত
হৃদয়ৰ পৰা দিয়া মাত
বুজি চাগে পোৱা তুমি
বুজি পাওঁচোন আমি ।।

কাৰ পৰশ, কাৰ উশাহ আৰু কাৰ সুবাস
কাৰ তিতা-মিঠা এশাৰী মাত
জীয়াই থাকিবলে লাগে আমাক ।।