কিবা যেন নাই আজি নাই
আছে হুমুনিয়াহ হতাশ হিয়াৰ
কৰুণ বিননি— “হায় হায়!!”
মেলি ধুমুহা তাইৰ ক’লা চুলি টাৰ
লুকুৱাই তৰা-জোন কৰে যেন এন্ধাৰ।
ক’তেনো বা অকৰুণ সেই কাৰাগাৰ,
য’ত মোৰ প্ৰিয়া আছে মোৰ হিয়াত নাই ?
গৰজি ডাৱৰ তুলি বিজুলী নিচান,
দিয়ে শাওণৰ বাৰিষাৰ সমিধান,
ঘনে ঘনে কঁপে মোৰ চকিত পৰাণ,
লগে লগে হয় মোৰ জীৱন বিষাণ।
বাহিৰত বৰষুণ পৰে ধাৰাসাৰ
দুগালেদি বয় মোৰ চকুলো দুধাৰ
উচাটন কৰে মোৰ মন যে এষাৰ,
“মোৰ প্ৰিয়া নাই! মোৰ প্ৰিয়া নাই!!”