কৃষ্ণচূড়া, কৃষ্ণচূড়া, তোমাৰ প্ৰাণৰ ৰঙেৰে মোৰো জীৱন
এবাৰ ৰঙাই তোলা, কৃষ্ণচূড়া
এজাৰ তোমাৰ কোঁদলা ৰঙৰ
ব্যাথাৰে জীৱন নোবোলাবা
কৃষ্ণচূড়া, কৃষ্ণচূড়া…
মোৰ জীৱনৰ বকুলবনৰ ফুল সৰি সৰি গ’ল
মোৰ যে মনৰ শিমলু তুলা উৰি উৰি নুৰা হ’ল
কৃষ্ণচূড়া, কৃষ্ণচূড়া ….
কেতেকী তোমাৰ বিননি আৰু নুশুনাবা
এজাৰ তোমাৰ ব্যাথাৰে জীৱন নোবোলাবা
নিদাঘৰ দাহে, শুকালে যি নৈৰ ধাৰা
বৰ্ষা তোমাৰ দানেৰে
আকৌ উপচায় দিয়া
কোনোবাখিনিত কি যে হেৰুৱালো
সি কথা মনত নেপেলাবা
এজাৰ তোমাৰ ব্যাথাৰে জীৱন নোবোলাবা
কৃষ্ণচূড়া, কৃষ্ণচূড়া..