(মই) গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে
বন্তি জ্বলাই যাওঁ মই
গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে
বন্তি জ্বলাই যাওঁ ।
গাঁৱলীয়া ছোৱালী
শেৱালি মই নেৱালি
গাঁৱৰ কোলাত হাঁহি মাতি
সোণ ধানৰে জেউতী চৰাম ।।
গাঁৱৰ ল’ৰা আগবাঢ়ি যাওঁ
হাবি কাটি আগবাঢ়ি যাওঁ
পর্বত ভাঙি আগবাঢ়ি গৈ
বাট উলিয়াম নিতৌ নতুন পাম ।
জুই সুৰীয়া জয় সুৰীয়া
নতুন নাম গাম।
ৰাইজৰ বৰ নাম ঘৰতে
সোণৰ ৰূপৰ পাট মেৰিওৱা
বৰখুঁটা লগাম ৷ ৷