গুণ গুণ গুণ গুণ গুণ গুণ (Gun Gun Gun Gun) Lyrics

গুণ গুণ গুণ গুণ গুণ গুণ
কোনবা দুৰণিত আছা সোণ
নূপুৰৰ ৰুণজুন ৰুণজুন
আজিও ক’ৰবাত বাজেচোন

দিন যায় ৰাতি যায়
তোমাকে বাটে চাই
পোহৰে কন্দুৱাই
এন্ধাৰে নিচুকাই

গুণ গুণ গুণ গুণ গুণ গুণ

প্ৰতিপল অসহায় নেযায় নুপুৱাই
সপোনে গচকি জোকাৰি থৈ যায়
প্ৰতিপল অসহায় নেযায় নুপুৱাই
সপোনে গচকি জোকাৰি থৈ যায়

জোন যেন মুখ’নিত
সেন্দুৰৰ ৰঙা ফোঁট
দুনয়নে ভৰি কতদিন দেখা নাই
কি সানে কি সানে
ধুমুহাৰে গানে
কঁপালে বাহিৰে ভিতৰে

গুণ গুণ গুণ গুণ গুণ গুণ
কিয়নো দুৰণিত থাকা সোন
ডাৱৰে আৱৰা আজি জোন
ঠুনুকা হিয়া মোৰ কঁপেচোন

দিন যায় ৰাতি যায়
তোমাকে বাটে চায়
পোহৰে কন্দুৱাই
এন্ধাৰে নিচুকাই

গুণ গুণ গুণ গুণ গুণ গুণ

তুমি যেন হাঁহাকাৰ
নাই যে পাৰাপাৰ
কাজল দুচকুত
নামে ধল বৰষাৰ
তুমি যেন হাঁহাকাৰ
নাই যে পাৰাপাৰ
কাজল দুচকুত
নামে ধল বৰষাৰ

উৰুঙা পঁজা মোৰ
এন্ধাৰৰ কোলাহল
তুমি নাই একো নাই
ৰাতিও নুপুৱাই

তোমাকেই সুঁৱৰি তোমাকেই বিচাৰি
হেৰালে জীৱনৰ প্ৰতিক্ষণ

গুণ গুণ গুণ গুণ গুণ গুণ

কোনবা দুৰণিত আছা সোন
নূপুৰৰ ৰুণজুন ৰুণজুন
আজিও ক’ৰবাত বাজেচোন
দিন যায় ৰাতি যায়

তোমাকে বাটে চাই
পোহৰে কন্দুৱাই
এন্ধাৰে নিচুকাই

গুণ গুণ গুণ গুণ গুণ গুণ

গুণ গুণ গুণ গুণ গুণ গুণ

গুণ গুণ গুণ গুণ গুণ গুণ