অ’ গুৰু মোৰ শঙ্কৰ
তৰিবৰ এ কিনো উপায়।
অ’ গুৰু অ’—
ভাটিলৈ যাবলৈ শ্ৰীশঙ্কৰ গুৰু অ
বালিতে বান্ধিলা পঁজা
ছকুৰি ভকতে চাপৰি ধৰিছে
আপুনি লগাইছে ঘোষা, হে ৰাম ৰাম
আপুনি গাইছে ঘোষা।
অ’ গুৰু অ’
নাও শিমলুৱা, বঠা শিমলুৱা অ’
আৰু শিমলুৱা চৈ, হে ৰাম ৰাম
আৰু শিমলুৱা চৈ।
চৈৰে ভিতৰে গুৰুজন বহিছে
ছকুৰি ভকতক লৈ, হে ৰাম ৰাম
ছকুৰি ভকতক লৈ
অ’ গুৰু অ’
সেই নাওখনিতে শিলে ভৰা দিলা
অ’ নাও বুৰোঁ বুৰোঁ কৰে, হে ৰাম ৰাম
নাও বুৰোঁ বুৰোঁ কৰে,
নাও বুৰা দেখি শ্ৰীশঙ্কৰ গুৰু
আপুনি কান্ধে পাতি ধৰে, অ’ গুৰু
আপুনি কান্ধ পাতি ধৰে ।
অ’ গুৰু অ’
মাজ সাগৰতে একেডাল বিৰিখ অ’
তাতে নানান পখীৰ ছায়া হে ৰাম ৰাম
ৰজনী পোহালে দশোদিশে গ’লে
এৰিলে বিৰিখৰ মায়া, হে ৰাম ৰাম
এৰিলে বিৰিখৰ মায়া ।
অ’ গুৰু মোৰ শঙ্কৰ ।