চিত্রলেখা, চিত্রলেখা (Chitralekha Chitralekha) Lyrics

চিত্রলেখা, চিত্ৰলেখা চিত্র এখন আকানা
চিত্ৰপটত চিন্তাশীল এক চিন্তানায়ক আকানা

জন-জীৱনৰে ৰঙ শুকুলা
মন জীৱনৰে গভীৰ নীলা
পাত্র দুটি সজাই লোৱা
দুয়োটি ৰঙ মিলাই লোৱা
তুলিকা তুলি লোৱানা

এটি দুটি ৰেখাৰে সাৱধানতাৰে
নয়ন আঁকা দূৰদৰ্শী
অনাগত দিনৰ অভিনৱ পুৱা
সীমা অসীমৰ সীমা বুজি পোৱা
বক্ষ এখন আঁকি দিয়া
লক্ষ জনে লক্ষ্য পোৱা
তুলিকা তুলি লোৱানা ।