জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই,
জয়া নাই জয়া নাই
জয়া নাই জয়া নাই….
জয় সাগৰৰ বুকুৰ মাজত
উঠে চকুলোৰে ধল
মলয়াই তোলে হিয়াভঙা সুৰ
কৰুণ বিননি ৰোল
জয়া নাই, জয়া নাই
অসমী আইৰ চেনেহৰ
জী সতী জয়মতী নাই?
তেজৰ টোপাল চকুলো ওলাল
নয়নৰ পাহি ফালি
পাৰতে সাজিলে স্মৃতিৰ দেউল
প্ৰেমৰ সুৰভি ঢালি
স্বামীতো তৰিলে দেশকো ৰাখিলে
নিজকে দিলে বলি
জয় দেউলৰ শিৰত বুলালে
সোণৰ গৰিমা বোল
আজিও কুলিয়ে কলচিত বহি
তোলে বিননিৰে ৰোল ।
সেই সাগৰত তেজৰ টুপিয়ে
বোলোৱা ৰাঙলী তুলি
জ্বলোৱা দীপালী চাকিৰ শিখাৰে
হৃদয়ত শলিতা জ্বলি
কোৱা অসমৰ
গাভৰু ছোৱালী
যাবা অসমীয়া দল
আজিও জয়া হিয়াতে আছে
নুতুলিবা তেনে ৰোল ।