জিক মিক দেৱালীৰ বন্তি জ্বলে
এন্ধাৰত কান্দে কোনে অকলে অকলে
ওচৰা-উচৰি দুটি ঘৰ
এটি পূঁজা আনটো ৰজা ঘৰ
ৰজাঘৰে হাঁহে,
মাথোন পঁজাটিত বস্তি নজ্বলে ।
পঁজাটিত এটি আছে মাটিৰে চাকি
শলিতাও জ্বলি গ’ল নাই আৰু বাকী
বস্তি আজি যে নজ্বলে ।
বৰ বৰ আলাসৰ লাৰুৱে হাঁহে
পঁজাটিত পোনাটিৰ টোপনি নাহে
দুখুনীয়ে নিচুকনি গায় লাহে লাহে
বন্তি আজিও নজ্বলে ।
বৰ ঘৰ চোতালত হিলৈ ফুটে
ধুমধাম শৱদৰ জাউৰি উঠে
দেখি তাক পঁজাটিয়ে চকুলো টোকে
এন্ধাৰত অকলে অকলে—
কাইলৈ আহিব দোকমোকালি
আনি দিব পঁজাটিত ৰঙৰাঙলী
আনি দিব হেৰোৱা দিনৰ ধেমালি
পঁজাটিয়ে নাকান্দে অকলে
দেখিবা তাতো যে বস্তি জ্বলে ।