জীৱনটো যদি অভিনয় হয় (Jibon Jodi Abhinoi Hoi) Lyrics

জীৱনটো যদি অভিনয় হয়
যদি অভিনয়তে মৰম ৰয়
সেই মৰমৰ দাম কিমাননো
আকাশ এখিলা যদি কাগজ হয়
আৰু জোনটো যদি আচল নহয়
জয়ন্ত হাজৰিকাৰ গীত
সেই জোনাকৰ ৰহণ কিমাননো
জীৱনটো যদি অভিনয় হয় …………

বুজিও নুবুজা হৈ আমি
ভুলকেই ভালবুলি বুটলো কিয়
বাহিৰে ৰং চং দেখি আমি
কোৱাভাতুৰীকে আদৰো কিয়
সেই ক্ষণে ক্ষণে কান্দো মনে মনে
নিচুকাব নিতৌ কোনেনো
জীৱনটো যদি অভিনয় হয়……….

বহুৱা সাজি সাজি আমি
মিছা মৰমতে সাঁতোৰো কিয় সোজ
তপত মৰুভূমিতে আমি
মিছা মৰীচিকা খেদোনো কিয়
সেই ক’তজনে নিতে নিতে গণে
পৃথিৱীত সুখী কিমাননো
জীৱনটো যদি অভিনয় হয়………….