জোনাকী কাৰেঙত কোনে বীণ বায়?
জোনাকী কাৰেঙত কোনে বীণ বায়?
পোহৰে পোহৰে হাঁহি বিলায় !
আমাৰে নিমাতীৰ কোনে মাত ফুটাব
ওঁঠতে হাঁহিটি দিব ফুলাই।
আমাৰ নিমাতীজনী
নীল সাগৰৰ হীৰা মণি
অৰুণৰ হাঁহিৰে মুখনি বোলোৱা
আলাসৰ প্ৰতিমাখনি ।
হাঁহো হাঁহোকৈ
চকু দুপাহিয়ে
হুঁহা নাই অতদিনে
মাতো মাতোকৈ
ওঁঠ দুখনিয়ে
অমাতেৰে মন জিনে।
ধিয়ানে-গিয়ানে সচিতে সপোনে
কাকনো বিচাৰে কাকনো চায় ?
বীণখনি বায়
কোনেনো দিবহি হাঁহি ফুলাই ?
নিমাতী কইনাৰ মাত ফুটা নাই
অ মাত ফুটা নাই
জোনাকী কাৰেঙত কোনে বীণ বায়?