টিলাই টিলাই ঘূৰি ফুৰে উলাহেৰে (Tilai Tilai) Lyrics

টিলাই টিলাই
ঘূৰি ফুৰে উলাহেৰে
খাম্‌টি ছোৱালী।
ঘন কলীয়া মেঘৰে
আঁৰে আঁৰে
ৰঙ মনেৰে খেলি ফুৰে
নাচনী বিজুলী।
টিলাই…

বনৰে বনৰীয়া
ভেলাকে ধুনীয়া দেখি
থমকি থমকি নাচে তাই
টিঙতে উজ্বলি।
টিলাই…

পোৱালৰে ৰঙা মণি
তাইৰে গাল দুখনি মত
বুকুত লৰি আভা ঢালি
কৰে ৰাঙলী

লাজতে লাজুকী তাই
মিচিকি হাঁহিৰে তাই
দুটি নয়নৰ পাহি মেলি
খামটি ছোৱালী
কাষ চাপোঁতেই
তাৰে বুকুত পৰে ঢলি
খামটি ছোৱালী।

টিলাই…