তুলসীৰ তলে তলে
ক’ত চাকি জ্বলালো
ক’ত নামঘৰে
শৰাই আগবঢ়ালো
তথাপিতো নেপালো পাৰ, মোৰ গোসাঁই ঐ
তথাপিতো নেপালো পাৰ
সংসাৰ সাগৰে বুৰি
খালো আমি হাবাথুৰি
মানৱী জনমটো অসাৰ, মোৰ গোসাঁই ঐ
মানৱ জনমটো অসাৰ
সৰু সৰু মানুহ আমি
ধৰাত জনম লভিলো
সৎ পথে ঘুৰি ফুৰি
আজীৱন আগুৱালো
অসত্যক কৰি পৰিহাৰ
তথাপিতো নেপালো পাৰ, মোৰ গোসাঁই ঐ
তথাপিতো নেপালো পাৰ
পতি গৃহ সেৱি সেৱি
পুত্র কন্যা তুলিলো
এন্ধাৰ ঘৰৰ চোতালতে
শলিতা মোৰ জ্বলালো
চকুপানী পালো উপহাৰ, মোৰ গোসাঁই ঐ
কোনোৱে যে নেপালো পাৰ
মানৱী জনম দিলা
তাকে গ্ৰহণ কৰিলোঁ
নীতি শাস্ত্ৰ দিলা
নতশিৰে মানিলো
তথাপি সুখ নাই যে আমাৰ, মোৰ গোসাঁই ঐ
ইনো কি কৰিলা বিচাৰ
পাপীৰ কিয় জয় জয়কাৰ মোৰ গোসাঁই ঐ
ইনো কি কৰিলা বিচাৰ ৷