তোমাৰ কথা যেতিয়া ভাবো
দুচকু পানীৰে ভৰে
বিৰিণা বনৰ পাতৰ আগে
এটুপি নিয়ৰ সৰে
তুমি যেন দূৰ দূৰণিত শুনা
ৰিণিকি ৰিণিকি বাঁহী
নিজম ৰাতিৰ সোঁতে সোঁতে
যেন কাষলে আহা ভাহি
হেৰোৱা ফুলৰ সুবাসেৰে
পদুলি উপচি পৰে
তোমাৰ কথা যেতিয়া ভাবো………..
তোমাৰ কথা মনত পৰিলে
বুকু যে উৰুঙা লাগে
শুকান পাত উৰুৱাই যেন
এচাটি পচোৱা বলে
বৰ অসহায় অসহায় লাগে
যেন নিজান মৰুৰ দৰে।