দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া
সুবিশাল এটি মন
মিলি যায় যাৰে পাৰা পাৰহীন
সুনীল সাগৰ খন
সামৰিম বেলি জোন
আকোৱালী লম অলেখ তৰাৰ মেলাক
দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া
মেঘৰ বিষাদ বিজুলীৰ
যত খেলা পুৱা গধূলিৰ ৰং
মেঘৰ বিষাদ বিজুলীৰ
যত খেলা পুৱা গধূলিৰ ৰং
দিয়া মোক দিয়া
সুবিশাল এটি মন
আঁকোৱালী লম অৰণ্যৰ ভয়
দিয়া মোক দিয়া
সুবিশাল এটি মন
আঁকোৱালী লম অৰণ্যৰ ভয়
দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া
আঁকোৱালী লম উত্তাল সাগৰ
ধুমুহাৰ গৰ্জন
আঁকোৱালী লম উত্তাল সাগৰ
ধুমুহাৰ গৰ্জন
বলিয়া মৰুভূমি তুষাৰে আৱৰা
পৰ্বত শিখৰে থাকিম হৃদয় চুমী
বলিয়া মৰুভূমি তুষাৰে আৱৰা
পৰ্বত শিখৰে থাকিম হৃদয় চুমী
দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া
সুবিশাল এটি মন
মিলি যায় যাৰে পাৰা পাৰহীন
সুনীল সাগৰ খন
সামৰিম বেলি জোন
আকোৱালী লম অলেখ তৰাৰ মেলাক
দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া ।