দেখা নাই, আগে এনে ছবি দেখা নাই
শুনা নাই, আগে এনে সুৰ শুনা নাই
ফুলে মাতে, ৰ’দে মাতে, নিবিড় ছাঁয়াই
শান্তি যেন বৈ যায় বনে নিজৰাই
পোৱা নাই, এনে শিহৰণ পোৱা নাই
মোৰ সপোনৰে যে, সোণবৰণীয়া যে
এই মাটি যে
মন মুহি যায় মোৰ, এই ৰঙে যে
মউ পাই, নাচে যেন মন ভোমোৰাই
অজান কি মায়াৰে, বন সুৰভিয়ে যে
উতলা কৰে
শান্তি মৰণতো যে, এই মাটি তে
চাই চাই, চাই মোৰ তৃষা নপলায় ।