ধ্বংস কৰ ধ্বংস কৰ
ধনীৰ অহঙ্কাৰ ৷
দয়া মায়া নকৰিবি
ক্ষমাৰ দিন যে গ’ল
হাল, কোৰ, দা, হাতুৰী লৈ
ৰণলৈ যাওঁ ব’ল ৷
তই খুৱাৱ বিশ্ববাসীক
মাটি ফালি ধান
তই যোগাৱ ধনী শ্রেণীক অস্ত্র শক্তিমান
কাৰখানা কল তোৰেই সৃজন
পথাৰ সুবহল ।
নাঙল, কাঁচি, হাতুৰী, দাৰ
যাদুকৰী ফল।
তোৰ বাহুতে আগবাঢ়ি যাওঁ ।