নহ’লে পৰিচয় হিয়াৰে
চিনাকি জানো কোনো হ’ব পাৰে
নহ’লে পৰিচয় হিয়াৰে
চিনাকি জানো কোনো হ’ব পাৰে
ল’ৰালিৰ ঘাটে ঘাটে
উমলি থাকোতেই
অচিনা পানচৈ লাগিলেহি
ঘাটতে মোৰ অজানিতে
দোলনি দিলে নুবুজাকে
মনতে মোৰ গুপুততে
যৌৱনে ক’লে আজি সেয়াই
হিয়া দিয়া নিয়া
হিয়া দিয়া নিয়া
প্ৰথম প্ৰেমকে পাহৰিব পাৰিলে
প্ৰেমৰ স্মৃতিকে
মোহাৰিব পাৰিলে
তথাপিতো বাৰে বাৰে চিগি
যাব কিয় খোজে সুৰ
অকাৰণে অজানিতে
ল’ৰালিৰ উমলোতে
ভাল লগা সুৰ
মনে মনে
যৌৱনে ক’লে আজি এয়াই
হিয়া দিয়া নিয়া
হিয়া দিয়া নিয়া
ল’ৰালিৰ সুৰকেই বিছাৰি
হে আহিলো
অচিনা ঘাটতে
বিছাৰি যে নাপালো
সময়নো কিয় বাৰু
খেলিলেহি লুকা ভাকু হায়
বাৰে বাৰে অজানিতে
উভতিলো উকা হাতে
লৈ মাথো মোৰ সোৱৰণি
যৌৱনে ক’লে আজি এয়াই
হিয়া দিয়া নিয়া
হিয়া দিয়া নিয়া