নাহৰ ফুলে নুশুৱায় (Nahar Phule Nuxuwai) Lyrics

নাহৰ ফুলে নুশুৱায়
তগৰ ফুলে শুৱাব ।
তগৰ ফুলে নুশুৱায়
কপউ ফুলে শুৱাব ।
কপউ ফুলে নুশুৱায়
(যদি) ঘিলা খোপাতে তোৰ,
হিয়া ফুল পাৰি দিম
(গুঁজি) খোপাতে মনোহৰ ।
মহাসাগৰ সিঁচি আনিম
সাত-মাণিকৰ ধন
মেঘৰ বুকু ফালি ছিঙিম
বিজুলী ফুল শুৱন ;
মাণিক ফুলে নুশুৱায়
(হিয়া) উলিয়াই পিন্ধাম
(যদি) সাতসৰীতে তোৰ
তেজাল পোৱাল মণি মোৰ।