নিয়ৰৰে ফুল (Niyorore Phool) Lyrics

নিয়ৰৰে ফুল
এপাহ ফুলিল,
এপাহ সৰিল কেনি ?
যেনি যায় বলাকাই
মেঘ কাগজতে
নেদেখা ৰেখা টানি
নিয়ৰৰে ফুল
এপাহ ফুলিল,
এপাহ সৰিল কেনি ?

নিয়ৰৰে ফুল
এপাহ ফুলিল,
এপাহ সৰিল কেনি ?
যেনি যায় বলাকাই
মেঘ কাগজতে
নেদেখা ৰেখা টানি
নিয়ৰৰে ফুল
এপাহ ফুলিল,
এপাহ সৰিল কেনি ?

আইনু জনীৰ চকুৰ মণিত
দিনৰ পাহাৰ নাচিছিল
সেই পাহাৰেই ৰাতিৰ মায়াত
আকাশ হৈ পৰিছিল
অন্ধকাৰৰ এটোপাল মম
গান হৈ সৰি পৰিছিল
শব্দময়ী পৰীৰ ৰাণী,
শব্দময়ী পৰীৰ ৰাণী
উৰি আহিছিল….
উৰি আহিছিল….
গণি গণি, তৰাৰ মালাৰ মণি,
গণি গণি, তৰাৰ মালাৰ মণি
নিয়ৰৰে ফুল
এপাহ ফুলিল,
এপাহ সৰিল কেনি ?

সেই কন্ঠমণিৰ গুণ-গুণনি
সেই কন্ঠমণিৰ গুণ-গুণনি,
সৰি পৰি, সৰি পৰি
বনৰ নিয়ৰ হ’ল;
এপাহ ফুলিল
এপাহ সৰিল কেনি ?
এপাহ ফুলিল
এপাহ সৰিল কেনি ?
যেনি যায় বলাকাই
মেঘ কাগজতে
নেদেখা ৰেখা টানি
নিয়ৰৰে ফুল
এপাহ ফুলিল
এপাহ সৰিল কেনি ?
নিয়ৰৰে ফুল
এপাহ ফুলিল
এপাহ সৰিল কেনি ?