প্রতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো (Pratidhwani Xunu Moi) Lyrics

প্রতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো
মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ
নিশাৰ চিঞৰটিৰ প্ৰতিধ্বনি শুনো ।

কাণ পাতি শুনো মই বুজিব নোৱাৰে।
চকু মেলি চাওঁ মই মনিব নোৱাৰোঁ
চকু মুদি ভাবে৷ ম‍ই ধৰিব নোৱাৰে ৷

হ’ব পাৰে কোনো গাভৰুৰ শোকভৰা কথা
হ’ব পাৰে কোনো আইতাৰ নিশাৰ সাধু কথা
হ’ব পাৰে কোনো ৰংমনৰ কঠিয়াতলীৰ বেথা
চিনা চিনা সুৰটিক চিনিব নেজানো

শেষ হ’ল কোনো গাভৰুৰ শোকভৰা কথা
শেষ হ’ল কোনো আইতাৰ নিশাৰ সাধু কথা শেষ
হ’ল কোনো ৰংমনৰ কঠিয়াতলীৰ বেথা
চিনা চিনা সুৰটিক চিনিব নেজানো
নতুন চিঞৰটিৰ প্ৰতিধ্বনি শুনো ।

মোৰ ক’লা চুলিত ৰাতিপুৱাৰ ৰঙা ৰ’দ পৰে
চকুৰ আগৰ কুঁৱলীবোৰ ভয়ত উৰা মাৰে
জাগি উঠা মানুহে হেজাৰ চিঞৰ মাৰে
তাতে ঠেকা লাগি হাজাৰ পাহাৰ ভাঙি পৰে
মানৱ সাগৰত কোলাহল শুনো ।