প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক,
‘তোমাৰ প্ৰাপ্য কি কোৱাঁ ?’
মনৰ দুৱাৰ মেলি নিৰ্ভীক ভাৱে কলে।
‘তোমাৰ শক্তিখিনি দিয়া’।
বজ্ৰৰ গৰ্জ্জনে বক্ষ উজাৰি ক’লে,
‘তোমাৰ কাম্য কি কোৱাঁ ?’
মই কলো, ‘বজ্র তোমাৰ
শক্তিশালী উদাত্ত কণ্ঠটি দিয়া’ ।
এদিন আকাশে ক’লে, ‘জনৈক গীতিকাৰে
অকণি আকাশ দেখোঁ মাগে,
তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে
মাগিছা সৰ্ব্বাকাশ সত্তা ?’
মই ক’লোঁ, ‘তুমিয়েইতো কৈছিল৷ ৰাতিপুৱা’
যিমানে বিলাই দিবা
সিমানে মহান হ’বা
তাৰে নাম সঁচা উদাৰতা ।
সেয়েহে আকাশ তুমি
দিব যদি খুজিছাই
সংকীর্ণতা এৰি দিয়া
অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা
দিয়া যদি আজিয়েই দিয়া’।
মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমুহাই প্ৰচণ্ড শক্তি
বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ
আৰু দিলে সাহসৰ যুক্তি ।
বজ্ৰৰ কণ্ঠেৰে
ধুমুহাৰ শক্তিৰে
গীত গাই কঁপাম দিগন্ত ।
দানৱৰ সমাজতো গাম মানৱৰ গীত
কলিজাৰ সঁচা সুৰ-সিক্ত ।
জীৱনৰ বিদ্যুত
কিঞ্চিতো যদি দিব পাৰোঁ
আকাশ ধুমুহা আৰু বজ্ৰক
তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ ।